আহি আছে আনলক 3.0

  • ১ আগষ্টৰ পৰা আনলক 3.0
  • খুলিব পাৰে ছবিগৃহ আৰু জীম
  • শিক্ষানুষ্ঠান শীঘ্ৰে খোলাৰ সম্ভাৱনা নাই ৷

Unlock 3

দেশত ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। দেশত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে পাৰ কৰিছে ১৩ লাখৰ ঘৰ। মাৰ্চ মাহৰ প্ৰথম পৰ্যায়ৰ ল’ক ডাউনৰ সময়ৰ পৰাই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে একাধিক বাৰ বৈঠকত বহিছে মোদী। এনে পৰিস্থিতিত অহা ২৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত পুনৰ মিলিত হ’ব। দেশত কোৰোণাৰ ভয়াৱহ পৰিস্থিতিৰ লগতে আনল’ক ৩.০ৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে। অন্য়হাতে দেশৰ অৰ্থনীতি লাহে লাহে উত্তৰণ ঘটাবলৈ জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ হৈছে আনল’ক। বৰ্তমান চলি আছে আনল’ক ২.০। আৰম্ভ হৈছে বিভিন্ন চেক্টৰত কাম কাজ। আগষ্ট মাহ আৰম্ভ হ’বলৈ মাজত মাথো ৩ দিন। আৰু আগষ্ট মাহৰ পৰা আৰম্ভ হৈছে আনল’ক ৩.০। এই সময়ত প্ৰশ্ন উঠিছে যে, আনল’ক ৩.০ত খুলিব নেকি বিদ্যালয়.? মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে বন্ধ হৈ আছে বিদ্যালয়। এই সময়তে বিদ্যালয়ৰ খোলাৰ প্ৰসংগত কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ আলোচনাত বহিছে ৰাজ্য সমূহ। বৈঠকত অংশ লৈছিল ৰাজ্য সমূহৰ শিক্ষা সচিব সকলেও। অৱশ্য় চৰকাৰে স্কুল খোলাৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰিছে।  কিন্তু দেশৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ আকৌ আৰম্ভ কৰাৰ সম্ভাৱনা একেবাৰেই নাই।