কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে লিখিলে....

২৬ জুলাইৰ দিনটো ‘কাৰ্গিল বিজয় দিবস’ হিচাপে অত্যন্ত তাৎপৰ্যপূৰ্ণ সমগ্ৰ দেশবাসীৰ বাবে। প্ৰায় ৬০ দিন ধৰি চলিছিল কাৰ্গিলৰ যুদ্ধ। মে’–জুলাই মাহৰ মাজত হৈছিল এই যুদ্ধ। ১৯৯৯ চনত হোৱা ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধত ভাৰতৰ উৰুৱাইছিল বিজয়ৰ ধ্বজা। আৰু তেতিয়াৰ পৰাই ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে। এই দিনটোতে দেশমাতৃৰ বাবে যুঁজি শ্বহীদ হৈছিল বহু ভাৰতীয় বীৰ সেনা। প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ। ২১ বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনাক পৰাভূত কৰি যুদ্ধত বিজয়ী হৈছিল ভাৰতী সেনা বাহিনী। পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীৰ এই যুদ্ধক নাম দিয়া হয় ‘অপাৰেচন বিজয়’। দেওবাৰে বিয়জ দিৱস উপলক্ষে সমগ্ৰ দেশবাসীয়ে সোঁৱৰে বীৰ শ্বহীদ সকলৰ ত্যাগক। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সমাপ্তি উপলক্ষে প্ৰতি বছৰে ২৬ জুলাইৰ দিনটোত পালন কৰা হয় কাৰ্গিল বিজয় দিবস হিচাপে।
PM Modi wrote on social media on the occasion of Kargil Vijay Diwas

wrote on social media on the occasion of Kargil Vijay Diwas

ভাৰতীয় সেনাই লিখিছে- ২৬ জুলাইত কাৰ্গিল দিৱস ৰূপে উদযাদন কৰা হয়। ১৯৯৯ চনত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে পৰাস্ত কৰিছিল পাকিস্তানক। ভাৰতীয় সেনা, আমাৰ নায়ক সকলৰ উদম্য, সাহস, বীৰতা আৰু বলীদানক চালাম জনাইছো।’- সেইদৰে ভাৰতীয় বায়ু সেনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰি কাৰ্গিল যুদ্ধাসকলক সোঁৱৰে।
উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে লিখিছে- ‘আজি ‘অপাৰেশ্যন বিজয়’ৰ ২১তম বাৰ্ষিকী উপলক্ষে ভাৰতীয় সেনাৰ সৌৰ্যক প্ৰণাম জনাইছো। যাৰ সাহস আৰু বীৰতাই কাৰ্গিল যুদ্ধত ৰাষ্ট্ৰৰ বাবে বিজয় অৰ্জন কৰিলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে- ‘কাৰ্গিল বিজয় দিৱসৰ দিনা আমি সকলোৱে বীৰ শ্বহীদ সকলৰ সাহস আৰু সংকল্পক সোঁৱৰিছো, যিসকলে আমাৰ দেশখনক ১৯৯৯ চনত বহুবাৰ ৰক্ষা কৰিলে। প্ৰতিটো প্ৰজন্মক তেওঁলোকৰ ত্যাগে প্ৰেৰণা দিব।’