শগুণীলতা বা অমৰলতাক ইংৰাকী ভাষাত টিন'চপ'ৰা (Tinospora) বোলে। হিন্দী ভাষাত ইয়াক 'গিলয়' আৰু সংস্কৃত ভাষাত মধুপৰ্ণী বা কুণ্ডলিনী নামেৰে জনা যায়। এই গছজোপাক অমৃত, অমৰ লতা, শগুণী লতা বা অমৃতা নামেৰেও জনাজাত  ৷

Tinospora / GILOY / শগুণীলতা

শগুণীলতাৰ (Giloy) এশটা গুণ আজিহে বুজিলো ! যি গছ নুমলীগড় শোধনাগাৰ আৰু শোধনাগাৰৰ কুঞ্জকাননৰ ভিতৰত সহজলভ্য । শগুণীলতাৰ মূলতে আমাৰ শৰীৰত হব পৰা ১০০ বিধৰো অধিক ৰোগক বাধা নাইবা অৰোগ্য কৰাব পৰা গুণ আছে বুলি জনা যায় : ইয়াৰ বৈজ্ঞানিক নাম Tinospora cordifolia এই শগুণীলতা আয়ুৰ্বেদৰ আটাইতকৈ মহত্বপূৰ্ণ বনদৰব।
"Giloy (Tinospora Cordifolia) is an Ayurvedic herb that has been used and advocated in Indian medicine for ages”, says Delhi-based Nutritionist Anshul Jaibharat. In Sanskrit, Giloy is known as ‘Amrita', which literally translates to ‘the root of immortality', because of its abundant medicinal properties. “The stem of Giloy is of maximum utility, but the root can also be used. Its benefits and uses have even been approved by the FDA (Food and Drug Administration)”, adds Nutritionist Anshul Jaibharat. Dr. Ashutosh Gautam, Baidyanath adds, “Giloy can be consumed in the form of juice, powder or capsules”. Know the 100 benefits of giloy.
শগুণীলতাক অমৰলতা, গিল'ই, গুডুচি, চক্ৰাঙ্গী, গুলঞ্চ, গুৰুচ, গাৰো, গুৰ্জা, গুলুচী বুলিও জনা যায় । অন্যহাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে। অৰ্থাত এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে। ই এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ পাত দেখাত পাণৰ সদৃশ, ডাল খহতা, সৰু সৰু কাইটযুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুতিলে সহজে গজে, খৰালি মৰা যেন দেখিলেও বাৰিষা পুনৰ গজি উঠে । সেয়ে এই লতাবিধক অমৰলতা বোলা হয়।
শগুণীলতা এবিধ সৰ্বোত্তম বনৌষধী। যদি বহুতো স্বাস্থ্য সমস্যাৰ বাবে কিবা এবিধ বিশেষ বনৌষধী বিচৰা হয়, তেনেহলে শগুণীলতাই একমাত্র বনৌষধী যি বহুতো ৰোগ নিৰাময়ৰ ক্ষমতা আছে।
পৌৰাণিক লোকপ্ৰবাদ মতে সাগৰ মন্থনত প্ৰাপ্ত অমৃত বিতৰনত দৈত্য-দানৱৰ মাজত লগা অৰিয়া অৰিত অমৃতৰ টোপাল যি ঠাইত পৰিছিল তাতেই শগুণীলতা বা অমৰলতা উদ্ভিদৰ জন্ম হৈছিল । ইয়াক যিয়ে খায় নিৰোগী আৰু পূৰ্ণ আয়ুস লাভ কৰে । আচৰিত কথা ইয়াক কেৱল পূণ্যভূমি ভাৰততহে উপলব্ধ। ইয়াক আন দেশত পোৱা নাযায়। নুমলীগড় শোধনাগাৰৰ ভিতৰত ইয়াৰ উপস্থিতি বহুত ।

Tinospora Cordifolia GILOY HOGUNI LOTA অমৰ লতা  শগুণী লতা বা অমৃতা

শগুণীলতাৰ গুনা গুনৰ বিষয়ে জানো আহক :

শগুণীলতা ৰক্ত পৰিস্কাৰ, এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, জ্বৰ প্ৰশমক, এন্টিএলাৰ্জিক, এন্টিঅক্সিডেন্ট, পাচনতন্ত্ৰ সবলীকাৰক, মানসিক চাপ আৰু চিন্তা নাশক, ক্ষুধা বৰ্দ্ধক, ৰক্ত শৰ্কৰা নাশক, এন্টি ইনফ্লেমেটৰী, কৃমি নাশক, এন্টি আৰ্থাৰাইটিচ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্দ্ধক, এন্টাচিড, এন্টিটিউমাৰ, HIV, জন্ডিচ, কৰ্কত ইত্যাদি ৰোগ নিৰাময়ৰ গুণেৰে সমৃদ্ধ।
Tinospora Cordifolia GILOY HOGUNI LOTA অমৰ লতা  শগুণী লতা বা অমৃতা


১। শগুণীলতাত প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ উপযোগী নানা উপাদান সমৃদ্ধ মহৌষধী । ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কাৰক ।
২। শগুণী লতাৰ নিয়মিত সেৱনে বাত, পিত্ত, কফ সন্তুলিত কৰাৰ লগতে বাত, পিত্ত আৰু কফ দোষৰ পৰা হব পৰা ৫০ বিধৰো অধিক ৰোগ প্ৰতিৰোধ তথা আৰোগ্য কৰে ।
৩। শগুণীলতাৰ পচান শক্তি মজবুত কৰাৰ লগতে বদহফম , এচিডিতি, গেষ্ট্ৰিক, পেট জলাপোৰা, , আমাশয়, গ্ৰহণী,কোষ্ঠকাঠিন্য, অৰুচি, অভোক, উগাৰ, বমিভাৱ আদি পেটৰ জৰিয়তে হব পৰা যিকোনো ৰোগৰ বাবে অত্যন্ত উপকাৰী । ত্ৰিফলা, আমলখি, গুড় বা মৌৰ লগত খালে অধিক ফলপ্ৰদ । শগুণীলতা সেৱন কৰিলে পেটৰ বা শৰীৰৰ অলাগতিয়াল পদাৰ্থ বাহিৰ হয় ।
৪। শগুণীলতা ৰক্ত শুদ্ধিকাৰক, ৰক্তবৃদ্ধিকাৰক । ই ৰক্ত বিকাৰ, ৰক্তহীনতা দুৰ কৰাৰ লগতে ব্লাড কোলেষ্ট্ৰ'ল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰে । দেহৰ হিমোগ্লবিনৰ অভাৱ দুৰ কৰে ।
৫। বহুমুত্ৰ বা মধুমেহ ৰোগী নিয়ন্ত্ৰন কৰায় ।
৬। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰায় ।
৭। মগজু, হৃদযন্ত্ৰ, যকৃত , হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে শগুণীলতা যথেষ্ট উপকাৰী ।
৮। শৰীৰৰ অতিৰিক্তচৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰাৰ বাবে শগুণীলতাৰ ত্ৰিফলাচুৰ্ন বা আমলখি সহ দিনে দুবাৰ খালে ভাল ফল পায় ।
৯। চৰ্দি, জৰ,কাহ, এজমা, মেলেৰীয়া, টাইয়েফয়েদ আদি ৰোগৰ বাবে অতি হিতকাৰী । তুলসী, মৌ বা গুড় মিহলাই খাব । শগুণীলতাৰ এন্টি ভাইৰেল, এন্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগ সংক্ৰমনক বাধা দিব পাৰে ।
১০। ডেংগো, স্বাৱাইন ফ্লু আদি ৰোগত শগুণীলতা + এলোভেৰাৰ ৰস+ অমিতা পাতৰ ৰস + মৌ ৫ মিলি: কৈ সমপৰিমানে দিনে ২-৩ বাৰ খালে সোনকালে আৰোগ্য হয় । লগতে ডালিমৰ ৰস খাব ।
১১। মহিলাৰ বন্ধাত্ব ৰোগত অশ্বগন্ধা আৰু শগুণী লতা নিয়মিত দীৰ্ঘদিন খালে উপকৃত হয় । পুৰুষ বা মহিলাৰ যৌনক্ষমতা বৃদ্ধি হয় ।
১২। গাঠিৰ বিষ, বাতবিষ , অৰ্থ'ৰাইটিচ, হাড়ৰ বিষ, হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপসম হয় । এড়ি তেল বা তেল মিলাব পাৰে ।
১৩ । শগুণীলতাৰ খোৱাৰ লগতে গাৰ চালত হালধিসহ ঘহিলে চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে দেহৰ সৌন্দৰ্য বৃদ্ধি হয় । খজুৱতি হলে হালধী আৰু শগুণীলতাৰে আৰোগ্য হয় । এলাৰ্জী ৰোগতো উপকাৰী ।
১৪ । কানৰ বিষত ১ বা ২ টোপাল কাণত দিলে উপসম হয় ।
১৫। চকুৰ বাবে শগুণীলতা হিতকাকাৰী । নিয়মিত খোৱাৰ উপৰি ইয়াৰ ৰস চকুৰ বাহিৰত চাৰিওফালে ঘহিলে দৃষ্টিশক্তি বঢ়াৰ লগতে চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ।
১৬। জন্ডিচ আৰু কৰ্কত ৰোগত অমৰলতা অতি হিতকাৰী
১৭। শগুণীলতাত এজিং, এন্টি ভাইৰেল, এন্টি আক্সিডেন্ট গুণ থকাৰ বাবে নিয়মিত সেৱনত শৰীৰ নিৰোগী, বয়সৰ চাপহীন সুস্বাস্থ্য লাভ হয় ।
১৮। ডায়েবেটিছ ৰোগত শগুণীলতা সেৱন কৰিবলৈ তিনি ইঞ্চি জোখৰ গা গছ লৈ খুন্দি এগিলাচ পানীত ৰাতি তিয়াই থব। পানীখিনি দুভাগ কৰি আধা ৰাতিপুৱা আৰু আধা গধূলি আহাৰ খোৱাৰ আগত সেৱন কৰিব। দুদিনমান খোৱাৰ পাছত চুগাৰ পৰীক্ষা কৰাই চাব। পৰীক্ষাৰ ফলাফল চাই ইয়াৰ পৰিমাণ বঢ়াব কমাব পৰা যায়।
দেখা যায় শগুনীলতা বা অমৰলতা বা গিলোয় বা অমৃতা আমাৰ দেহৰ বাবে সচাকৈ অমৃত তুল্য । অৱশ্যে প্ৰকৃতি প্ৰদত্ব সকলো ভাল বস্তুত কিছু অপগুণো থাকে ।
Tinospora Cordifolia GILOY HOGUNI LOTA অমৰ লতা  শগুণী লতা বা অমৃতা

ক্ষতিকাৰক গুণ :

১। বেচি মাত্ৰাত কেতিয়াও নাখাব ।
২। তিনি বছৰ বয়সৰ তলৰ শিশুক নুখুৱাব
৩। গৰ্ভৱতী মহিলা ,চাৰ্জাৰী বা অষ্ট্ৰোপচাৰ কৰা ৰোগীয়ে আৰোগ্য নোহোৱালৈকে নাখাব ।
৪। অইন কোনো দৰৱৰ লগত একেলগে নাখাব
(অধিক সময় ব্যৱধান ৰাখিহে খাব)
৫। কোনো জটিল ৰোগত চিকিৎসাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব ।
৬। অকাৰনত বা নিৰোগী লোকে সদায় নেখাই সপ্তাহত ২-৩ দিন খাব ।
৭। নিম্ন ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব।

সেৱন বিধি :

শগুণী লতাৰ ডাল পাত শিপা আদি সকলো অংশই ঔষধী গুণযুক্ত । কেচা ৰস, পানীত তিয়াই , উতলাই বা শুকান ডালপাতৰ চুৰ্ণ হিচাৱে ব্যৱহৃত হয় । ডালৰ ৰসৰ মাত্ৰা ১-৩ চামুচ, বা (ডাল ১ ইঞ্চিৰ পৰা ৪ ইঞ্চি )পাত ৩-৫টা, চুৰ্ন (আধা চামোচৰ পৰা ২ চামুচ) । বয়স অনুসৰি মাত্ৰা নিৰ্দ্ধাৰন কৰিব ।

সেৱনৰ সময় :

ৰাতিপুৱা খালিপেটত এবাৰ নাইবা ৰোগৰ অধিক প্ৰাবল্যত পুৱা গধুলি দুবাৰ খাব পাৰে । তিতা বা অকতা গুণৰ বাবে মৌ ,বা গুড় মিহলাব পাৰে । ৩ বছৰৰ তলৰ শিশুক নুখুৱাব ।